Tuesday 31 January, 2012

বিয়া গীত


  
  প্ৰাচিন কালৰে পৰা দৰং তথা মঙ্গলদৈ অঞ্চল কলা-কৃষ্টিৰ ক্ষেত্ৰত চহকী ।দৰঙী কলা-কৃষ্টিৰ আপুৰুগীয়া সম্পদ বিয়াগীত মঙ্গলদৈৰ স্থানীয় থলুৱা ভাষা আৰু সুৰেৰে গোৱা হয় । এই বিয়া গীত সমূহক দুই শ্ৰেণীত ভগাব পৰা যায় । প্ৰথম শ্ৰেণীত বিবাহৰ বৈদিক ক্ৰিয়া কাণ্ডৰ লগত সঙ্গতি ৰাখি দৰা-কইনাৰ মধুৰ মিলন কামনা কৰি গোৱা বিয়াগীত । দ্বিতীয় শ্ৰেণীক নিন্দাগীত বোলা হয় ।
    সাধাৰণতে বিয়াগীত বিয়া শুভৰাম্ভনী হোৱাৰ আগদিনাৰ অনুষ্ঠিত তেলভাৰ আৰু বিয়াৰ সমাপ্তিলৈকে এই গীত গোৱা হয় । তেলৰ ভাৰৰ নীতি-নিয়ম আৰু দৰা পক্ষই কইনাৰ ঘৰলৈ অনা তামোলৰ ঠোক বা আন সকলো বস্তৰে এটা মাপ কাঠি নিৰুপন কৰি এনেদৰে বিয়াগীত গায় ।
                     (১)
         আগৰখন ভাৰতে কি কি আনছা (আনিছা)
         ৰভাৰে তলতে থ
         পাচৰখন ভাৰতে কি কি আনছা
         সমাজৰ আগত কউ ।
                     (২)
          পানো আনছা মেকুৰী কেনীয়া
          তামোল বা আনছা কি ?
          ৰভাৰো তল সোমালি ঝগৰো লগালি
          সেৱা লৌ বঁটাখন দি ।।
দৰা কইনাক গা-ধুউৱাবলৈ অনুষ্ঠিত নাৰী সমাজৰ পানী তোলা অনুষ্ঠান অতিকে আমোদজনক । ঘাটত পানী তোলাৰ প্ৰস্ততিৰ পৰা ঘৰৰ ভিতৰত থোৱালৈকে বিয়াগীত গোৱা হয় এই অনিষ্ঠানটিত ।
 দিহা :     বৰঘৰৰে দুৱাৰ মেলি
          উলিয়াইও কলচি এ
 পদ :      কলতে দিলে আনি
          সেন্দুৰৰ ফোঁটা
          চোতালতে ঘন্টা ঘছা
          ওপৰতে ৰভা ।
          বিয়াৰে উৰুলি দিয়া
          কন্যাগণক মাতি
          ভাল ভাল বাছি লোৱা
          পাঁচজনী আয়তী ।
 দিহা :     পাঁচটি হাড়িয়ে পাচ বৰণীয়া
          কোন কুমাৰৰ হাড়িয়ে
 পদ :      জাতুৱা কুমাৰে হাড়ি গঢ়াই দিছি
          ভৈৰা কুৰৰে মাটিয়ে । ইত্যাদি
পানীতোলা গীত—
          গোহাইথেৰ পুখুৰীত কেউফালে চেচুৰি
          চকোৱাই পানী মল খাই তুলি ও
          গোহাইথেৰ পুখুৰীত মই পানীত নামিলো
          ঢৌ মাৰি খেদলো পুণি এ
 দিহা :     ইঘাটে দুৱৰি সিঘাটে দুৱৰি
          হৰিও কোন ঘাটে তুলিম পানী হে ৰাম
          যি ঘাটে আছে আজলী যশোদা
          হৰি ও সেইঘাটে তুলিমে পানী এ ৰাম ।
 পদ :      পাচখনি তামোলে পাচফালে পেলালো
          হৰি এ কটাৰী কাটিলো পানী
          দৰাৰ মাককে পেলাও দলিমাৰি
          হৰি এ লৈ যাওক ঘৈড়ালে টানি ।
          ....................................
          জল লৈ যশোদা পিচফালে নাচাবি হৰি এ
          সাগৰো আহিব লৰি এ জয় হৰি এ । ইত্যাদি ।
আখেই তোলা বিয়াগীত---
          আখেই তোলা আখেই তোলা
          চেনেহৰে ভাই
          আজিৰ পে তোমাৰ বাইদেউৰ
          গোত্ৰ চিঙি যায় ।
          হলিৰামে আখেই তোলেই
          শ্ৰীৰামৰ বিয়া
          মুঠি মুঠি কৰি শ্ৰী
          অগনিতে দিয়া ।
          অগনিতে আখেই
          দিয়া মুঠিধৰি
          আজিৰ পেৰে(পৰা) বায়েৰ যাবো
          গৃহ তিয়াগ কৰি ।
          ..................
   নিন্দগীত ঠাট্টা-মস্কৰা আৰু কটুক্তিযুক্ত হলেও বেচ ৰসাল আৰু আমোদৰ খোৰাক । প্ৰথমে দৰাক জোকাই আৰম্ভ কৰে-
          ৰঘুপতি
          নিন্দাপদ গাবলৈ
          দিয়া অনুমতি
          ................
          সৰু সৰু ঘুটুলুকাই
          বৰগুটি খায়,
          চিকণ কইনা বিচাৰোন্তে
          ৰামৰ বয়স যায় ।
কইনাঘৰীয়া নামতীয়ে গায়---
          আদা খালো তিনি চকল
          জৰাৰ খালো জিম
          আমাৰ লগত জিনবে নল্লি
          বোন্দা থেকচা দিম ।
পানী তুলি আহোতে দৰা-কইনাৰ মাকলৈ নিন্দা-
          দ পথাৰৰ হোলা হৰি হৰি
          দ পথাৰৰ হোলা
          দৰাৰ(কইনাৰ) মাকটো লগত আহিছি
          আগদাঁত দুই পাৰি সোলা এ ।
দৰা-কইনাক গা-ধুউওৱাৰ পিচত ডাঙি নিবলৈ অহা জনক নিন্দা-
          বাপুক(আয়েক) নিব আহি কাষতে বহিলা
          কান্ধে নিবলে তুলি এ
          তেওঁতে মূৰতে ঢেকুৰাই মূতিলে
          বিন্নাৰে চুব বুলি এ ।
বৰপীৰাত বহি থকা দৰালৈ নিন্দা—
          ন ঘৰৰ চিকি মিকি
          পুৰাণ ঘৰৰ কামি
          মুখৰ কাপোৰ গুছৌ দৰা
          সদায় দেখো আমি ।
বামুণ-পুৰোহিতৰ নিন্দা—
          বা ধান মকুৱা বামুণটো খকুৱা
          ঐ ৰাম পিঠা খাও পিঠা খাও কৰেই হে
          বামুণৰ বামুণী পিঠা সাজবে নৰেই
          ৰাম বামুণটো খখতে মৰেই হে ।।

No comments:

Post a Comment