Tuesday 31 January, 2012

নাঙেলী গীত


নাঙেলী গীতৰ সৃষ্টি অতি প্ৰাচীন আৰু গৰখীয়া সমাজত মুক্ত ভাবে  গোৱা অশ্লীল গীত । গৰু-মহ চৰা গৰখীয়াসকলেই নাঙেলী গীতৰ সৃষ্টিকৰ্ত্তা ।
    মঙ্গলদৈ অঞ্চলত মুঠ ওঠৰ কুৰি নাঙেলী গীত থকা কথা জনা যায় । যেনে—
       নাঙেলী একুৰি          নাঙেলী দুকুৰি
             নাঙেলী ওঠৰ কুৰি,
       অমুকীৰ বাপেকে        হাতযোৰ কৰছি
             নাঙেলী নামাৰবা বুলি ।
অশিক্ষিত গাৱলীয়া ডেকা-গাভৰুৰ প্ৰেম-প্ৰীতি অথবা প্ৰণয়েই নাঙেলী গীতৰ সৃষ্টিৰ এক অন্যতম প্ৰধান সুৰ বুলি কব পাৰি । সেয়ে ওচৰেৰে যোৱা গাভৰুৰ ওচৰত প্ৰেম নিবেদন কৰি, নহলে জোলাই-মেলি অসীম তৃপ্তি লাভ কৰে । গৰখীয়াই গায়-
     আমালৈ অমৰা           নুনলৈ খেকেৰা
              ফুটীয়া গাখীৰৰ দৈ
     মাইকীৰ ঘৰতে           জীয়াৰী ৰাৱে ঐ
             ত পাম চেঙেৰা পৈ ।
  গাভৰুৱে গায়—
       আহু তলী তলী      আমি ঝীয়া চলি
              আমাকো নালাগে পৈ ।
আকৌ গৰখীয়াই গায়-
       হগুৰি ওলোঙা      বগুৰি জোলোঙা
            বগুৰি নলবি কোঁচত,
       গুৰখীয়া পৈয়েৰেক    জোকাই তই নলবি
            বগুৰি মাৰি দিম বুকত ।
  সহজ-সৰল গাৰখীয়াই নিজৰ প্ৰেয়সীলৈ মনত পেলাই বেদনাত ছাতি-ফুটি কৰি গীত গায়—
                   (১)
         আমাৰ গছতে        কুলিয়ে চিঞৰে
                  লগৰ লগৰী বিচাৰি,
          হ চাৰি থাকোতে    তোলৈ মনত পৰে
                 মৰো মই ছাটি ফুটি কৰি ।
                     (২)
         আকাশেদি উৰি গেল      বগাকৈ বগলী
                  তলেদি উৰি গেল কাক,
          গৰুৰ গৰখীয়াক         কোনে ভাল পাব
                 হায় মোৰ বিধিৰ বিপাক ।
গাভৰুৱে ৰতি সুখত লিপ্ত থকাৰ সময়ত কুকুৰাই ডাক দি ৰাতিপুৱাৰ সঙ্কেত দিলে আশা ভঙ্গৰ আক্ষেপত—
             ৰাতি নুপুৱাওঁতেই   কিয় ডাক দিলি
                  গৰখীয়াই এৰিলে মোক ।

No comments:

Post a Comment