
প্ৰেম
সাপ এডালৰ দৰে
মেৰিয়াই ধৰে
ফেঁট তুলি উঠে
বাৰে বাৰে খোটে ।
চিলনীৰ জী
চিলনীৰ জী
চুলি মেলি বিচনাত শুই
থাকিলে তুমি
চিলনীৰ জী যেন লাগে তোমাক
বেৰৰ জোলোঙাৰে ৰজাৰ কোৱঁৰে
জুমি জুমি চাই...............
চকুৰ পানিৰে উটুৱাই দিলে
তোমাৰ ভাবনাক
নিজৰ কৰি লৈ
আতৰি গ’লা তুমি
আৰু মই মোক হেৰুৱাই পেলালো............
প্ৰতিটো দিন প্ৰতিটো ৰাতি
তোমাৰ কথা নভবাকে
পাৰ কৰা নাই.............
তোমাৰ জানো মনত নাই
বহুতো তপত নিশ্বাসৰ স’ত বুকুত মুখ গুজি
মাতাল হৈ পৰা এটা আবেলি
ওঁঠত ওঁঠ থৈ পাৰ কৰা
এটা আবেলি..............
স্পৰ্শ কৰিছিলো তোমাৰ প্ৰতিটো অংগত
এক অনুভূতি বৈ গৈছিল
আমাৰ মাজত..............
আচলতে তুমি মই
আজন্ম প্ৰেমিক প্ৰেমিকা.............!!!
(লু’ৰ হাতত)
প্ৰিয়ম ৰাজ শিৱম
আবেলিৰ ওঁঠৰ ৰং
ইচ্ছা
আবেলিৰ ওঁঠৰ ৰং
তোমাৰ কপালৰ সেন্দুৰীয়া বেলিটো
কোন সাগৰত ডুব গ’ল
মই ৰৈ আছো তোমাৰ ওঁঠৰ ৰং স’তে
নীলা সাগৰখনত ডুব যোৱা চাবলৈ
ঘৰমুৱা হোৱা শৰালিৰ জাক চাই চাই
মই ৰৈ আছো.........।
বেদনা
মোৰ বন্ধুসকল তোমালোকেটো
নাজানা
কিদৰে আহত হৈছে মোৰ হৃদয়ত
স্মৃতিৰ অসহ্য দহনৰ জ্বালাত
মোৰ শৰীৰ-মন অৱশ হৈ পৰিছে ।
নিস্তব্ধতা আৰু শূন্যতাৰ
মাজেৰে মোৰ চিৰ ইপ্সিত
মৰনলৈ গৈ আছো ........
মোৰ বিষাদৰ ঘা শুকাৱাবলৈ
তোমালোকেও উচুপি উঠিলাহেঁতেন মোৰ স’তে
অথচ মোৰ দুখনো কি কোনোদিনেই
বুজিবই নোৱাৰা তোমালোকে....
কেৱল সেই এগৰাকীয়ে মাথো
মোৰ দুখৰ কথা জানে
যিজনিয়ে নিজেই ভাঙি থৈ গৈছে হৃদয়......!!
ইচ্ছা
ওৰেটো ৰাতি মই উচুপি আছিলো
মৃত্যুৰ সতে যুঁজি যুঁজি
কবৰত শুই আছিলো
এধাৰি চকুপানী বৈ গৈছিল মোৰ দুগালেদি
মৃত্যু হৈছে, মৃত্যু
হৈছে...
সেই পৰিচিত দিন আৰু ৰাতিবোৰৰ
এক অন্ধকাৰ ইচ্ছাই মোক
টনা-আঁজোৰা
কৰে আৰু
লৈ যায় কঠিনতাৰ মাজলৈ
য’ত চকুপানীবোৰ টোপ টোপকে সৰি ৰয়......!!
কবিতা ৫-১১-০৪
তুমি়টো নাজানা
তোমাক কিমান ভাল পাওঁ
প্ৰতি়টো দিন প্ৰতি়টো ৰাতি
কিয় জানো, তোমাৰ কথা নভবাকে
পাৰ কৰা নাই........
তুমি হেনো অপৰুপা অনুপমা
লাস্যময়ী চুই দিলেই জঁই যোৱা যেন লাজুকী বন ।।
সপোনত তুমি
মোৰ সপোনত পাহাৰী ছোৱালীৰ
দৰেই নাছি আছিলা
মই দৰ্শক তোমাৰ নৃত্যৰ
তোমাৰ নৃত্যৰ লয় লাসত
মোৰ জীৱনৰ হলঘৰ
কাঁ পৰি জীন গ'ল ।
অকস্মাতে সাৰ পাই দোখো
তুমি কাষত নাই
হিসাখন কঁপি উঠিন ।
ৰাতি দিন আহে যায়
স্মৃতিৰ অসহ্য বেদনা লৈ
তথাপি ৰৈ আছো অকলশৰে
ইয়াত
বুকুৰ ওপৰত নীলা
পাহাৰখন লৈ.............................
সময়
মই আজি ৰৈ আছিলো
মোৰ ভাৱনাবোৰৰ সৈতে
খেলি খেলি.........
এটা চিগাৰেট জ্বলি জ্বলি
ধূৱলী-কুৱলী সপোন এটা আকিছিল...
ৰঙা জেঠি এটাই টিক টিক কৰোতে
মই ঘড়ীৰ কটা খুলি থলো ।
আধুনিক নগৰীত
নগ্ন নিশাবোৰ কিনা-বেচা হয়
ডৰ্জনে ডৰ্জনে.......
আন্ধাৰ গচকি গচকি
চুমাৰ পৰশত গজি উঠে
যাযাবৰি সপোনবোৰ........
মৃত্যুৰ অপেক্ষাত ২৪-৭-০৫
তুমি শুনি সুখি হ’বা
মই এতিয়া মৃত্যু পথৰ যাত্ৰী
তুমি গুছি যোৱাৰ দিনৰে পৰা
স্মৃতিৰ অসহ্য বেদনাক পাহৰিবলৈ
বটলৰ পাছত বটলকৈ মদ শেষ কৰাৰ পৰিণাম ।
শুকুলা কোমল শয্যাত পৰি
মৃত্যুৰ পল গণিছো.......
কেতিয়াবা সপোন দেখিবলৈ পাওঁ
মৰি শালিৰ বুকুঁত চিতাৰ ছাইবোৰৰ
মাজত শেষ বাৰলৈ হ’লেও তোমাক এবাৰ চাবলৈ........
তুমিটো মোৰ প্ৰেম ভালপোৱা সপোন সকলো আছিলা
চ’ত মাহৰ সৰা পাতৰ দৰে
সৰি যোৱা জীৱনত
তুমি দিয়া সেই আবেগ চুমা স্বপ্নই
মোক আজি বিষন্ন কৰি তুলিছে ।
আজিও লাগি আছে মোৰ ওঁঠত
অন্তহীন ১২-০৮-০৯
১
আকৌ যাত্ৰা মোৰ
আন্ধাৰ পথেৰে ৰাতি নুপুৱাওতেই
হতাশ আৰু হুমুনিয়াৰ শেষ অমনিষা
এই যাত্ৰা উদিত সূয্য অভিমূখী
তেজৰ দৰেই ৰঙা আছিল দিনবোৰ
এপাহ ৰক্তজবা...........!!
২
প্ৰেমৰ নামত দুবাহুৰে সাৱতি ল’ব
নোৱাৰি জাকে তাকে............
কিমান বিশ্বাসত খুলি দিব পাৰি
হিদয়ৰ দুৱাৰ...................!!
৩
তুমিটো নাজানা
তোমাক চাবৰ বাবে
তোমাৰ ঘৰৰ আগেদি অহা যোৱা কৰোতে
মোৰ কিমান যোৰ চেন্ডেল ক্ষয় গ’ল….!!
৪
কি তুমি মোক কেৱল দুখেই দিবা
দুখ দিয়াই নেকি তোমাৰ জীৱনৰ ধৰ্ম
মোক দুখ দি তুমি কিহৰ খেল খেলিচা
দুখ যেতিয়া মোৰ নিচা হ’ব
মই মাতাল হ’ম
তেতিয়া জানো তুমি সুখি হ’বা......!!
৫
নিঃসঙ্গ আবেলি মই বহি আছো
মোৰ সৰু বাৰান্দাখনত
কৰ পৰা জানো আহি পালে এই সুৰ
তাল নাজানা বৰষুণ জাক.......
বৰষুণ জাকৰ লগে লগে নামি আহিল
মোৰ পুৰণা বুকুৰ বিষটো.........!!
৬
কি নাছিল মোৰ যে
তুমি মোক ভাল পাব নোৱাৰিলা........
তোমাক লগ নোপোৱা হ’লেই
ভাল আছিল.....!!
ভাল আছিল.....!!
No comments:
Post a Comment