নাঙেলী গীতৰ সৃষ্টি
অতি প্ৰাচীন আৰু গৰখীয়া সমাজত মুক্ত ভাবে
গোৱা অশ্লীল গীত । গৰু-ম’হ চৰা গৰখীয়াসকলেই নাঙেলী গীতৰ সৃষ্টিকৰ্ত্তা ।
মঙ্গলদৈ অঞ্চলত মুঠ ওঠৰ কুৰি নাঙেলী গীত থকা
কথা জনা যায় । যেনে—
নাঙেলী একুৰি নাঙেলী দুকুৰি
নাঙেলী ওঠৰ কুৰি,
অমুকীৰ বাপেকে হাতযোৰ কৰছি
নাঙেলী নামাৰবা বুলি ।
অশিক্ষিত গাৱলীয়া
ডেকা-গাভৰুৰ প্ৰেম-প্ৰীতি অথবা প্ৰণয়েই নাঙেলী গীতৰ সৃষ্টিৰ এক অন্যতম প্ৰধান সুৰ
বুলি ক’ব পাৰি । সেয়ে ওচৰেৰে
যোৱা গাভৰুৰ ওচৰত প্ৰেম নিবেদন কৰি, নহলে জোলাই-মেলি অসীম তৃপ্তি লাভ কৰে ।
গৰখীয়াই গায়-
“আমালৈ অমৰা নুনলৈ
খেকেৰা
ফুটীয়া গাখীৰৰ দৈ
মাইকীৰ ঘৰতে জীয়াৰী ৰাৱে ঐ
ক’ত পাম চেঙেৰা পৈ ।”
গাভৰুৱে গায়—
“আহু তলী তলী আমি ঝীয়া
চলি
আমাকো নালাগে
পৈ ।”
আকৌ গৰখীয়াই গায়-
“হগুৰি ওলোঙা বগুৰি জোলোঙা
বগুৰি নলবি কোঁচত,
গুৰখীয়া পৈয়েৰেক জোকাই তই নলবি
বগুৰি মাৰি দিম বুকত ।”
সহজ-সৰল গাৰখীয়াই নিজৰ প্ৰেয়সীলৈ মনত পেলাই
বেদনাত ছাতি-ফুটি কৰি গীত গায়—
(১)
“আমাৰ গছতে কুলিয়ে চিঞৰে
লগৰ লগৰী বিচাৰি,
ম’হ চাৰি থাকোতে তোলৈ মনত পৰে
মৰো মই ছাটি ফুটি কৰি ।”
(২)
“আকাশেদি উৰি গেল বগাকৈ
বগলী
তলেদি উৰি গেল কাক,
গৰুৰ গৰখীয়াক কোনে ভাল পাব
হায় মোৰ বিধিৰ বিপাক ।”
গাভৰুৱে ৰতি সুখত
লিপ্ত থকাৰ সময়ত কুকুৰাই ডাক দি ৰাতিপুৱাৰ সঙ্কেত দিলে আশা ভঙ্গৰ আক্ষেপত—
“ৰাতি নুপুৱাওঁতেই কিয় ডাক
দিলি
গৰখীয়াই এৰিলে মোক ।”
No comments:
Post a Comment